এলাগি বৰাই অসমত সাতজন সন্তান ডাঙৰ-দীঘল কৰিছিল। তেওঁলোকৰ প্ৰত্যেকেই মাকৰ কিবা এটা গুণ বুকুত লৈ জীৱনৰ বাটত আগবাঢ়িছিল — তেওঁৰ ধৈৰ্য, তেওঁৰ ত্যাগ, আৰু তেওঁৰ নিমাত শক্তি। কোনোৱে ঘৰৰ ওচৰতে থাকিল; এজন পৃথিৱীৰ সিপাৰলৈ গ'ল। য'লৈকে নাযাওক কিয়, তেওঁলোক সদায় তেওঁৰেই সন্তান হৈ থাকিল।
Alagi Bora raised seven children in Assam. Each of them carried something of her into the world — her steadiness, her sacrifice, and her quiet strength. Some stayed close to home; one traveled across the world. Wherever they went, they remained her children.
তেওঁৰ নাম, তেওঁৰ মুখখন আৰু তেওঁৰ মৰম যাতে কেতিয়াও পাহৰা নাযায়, আৰু তেওঁৰ নাতি-নাতিনী আৰু পৰিনাতি-পৰিনাতিনীসকলে যাতে সেই মহীয়সী নাৰীগৰাকীক চিনি পায়, যাৰ পৰা তেওঁলোক সকলোৱে আহিছে — সেইবাবেই তেওঁৰ পৰিয়ালে এই পৃষ্ঠাটো সৃষ্টি কৰিছে।
This page was created by her family so that her name, her face, and her love are never forgotten, and so that her grandchildren and great-grandchildren can come to know the woman from whom they all descend.